HSLC PRE TEST 2020 2ND PART (SEBA)
HSLC PRE-TEST EXAMINATION 2019
CLASS : X
SUB : GENERAL SCIENCE
TIME : 3HRS. MARKS : 90
18. দ্বিতীয় পৰ্যায়ৰ মৌলবোৰৰ পাৰমাণৱিক ব্যাসাৰ্ধ দিয়া হৈছে -
মৌল : B Be O N Li C
পাৰমাণৱিক ব্যাসাৰ্ধ : 88 111 66 74 152 77
i) মৌলবোৰক পাৰমাণৱিক ব্যাসাৰ্ধ অধঃ ক্ৰমত সজোৱা ।
ii) কোনটো মৌলৰ পৰমাণু আটাইতকৈ ডাঙৰ আৰু কোনটো আটাইতকৈ সৰু?
iii) পৰ্য্যায় এটাৰ বাওঁফালৰ পৰা সোঁফাললৈ গলে কি দৰে পাৰমাণৱিক ব্যাসাৰ্ধৰ পৰিবৰ্তন ঘটে ?
Ans : i)
মৌল : Li Be B C N O
পাৰমাণৱিক ব্যাসাৰ্ধ : 152 111 88 77 74 66
ii) Li মৌলৰ পৰমাণু আটাইতকৈ ডাঙৰ আৰু O আটাইতকৈ সৰু ।
iii) পৰ্য্যায় এটাৰ বাওঁফালৰ পৰা সোঁফাললৈ গলে মৌলৰ পাৰমাণৱিক ব্যাসাৰ্ধ কমে ।
Or
a) তলৰ ৰাসায়নিক সমীকৰণসমূহ সন্তুলিত কৰা :
i) BaCl2 + H2SO4 ------> BaSO4 + HCl
ii) Ca (OH) 2 + HNO3 -------> Ca (NO3)2 + H2O
b) তেল আৰু চৰ্বি থকা খাদ্যবস্তু নাইট্ৰজেনৰ পেকেটত ভৰোৱা হয় কিয় ?
Ans : a) i) BaCl2 + H2SO4 ------> BaSO4 + 2HCl
ii) Ca (OH) 2 + 2HNO3 -------> Ca (NO3)2 + 2H2O
b) তেল আৰু চৰ্বি থকা খাদ্যবস্তু নাইট্ৰজেনৰ পেকেটত ভৰোৱা হয় কাৰণ নাইট্ৰজেনে খাদ্যবস্তুৰ জাৰণ মন্থৰ কৰে । ফলত খাদ্যবস্তু দুৰ্গন্ধী নহয় ।
19. নাইট্ৰজেনৰ পাৰমাণৱিক সংখ্যা 7 আৰু ফছফৰাছ পাৰমাণৱিক সংখ্যা 15, পৰ্যাবৃত্ত তালিকাৰ বৰ্গ 15 ত থাকে । এই মৌল দুটাৰ ইলেক্ট্ৰনীয় বিন্যাস লিখা । ইহতৰ কোনটো বেছি বিদ্যুৎ ঋণাত্মক হব আৰু কিয় ?
Ans : মৌল দুটাৰ ইলেক্ট্ৰনীয় বিন্যাস :
নাইট্ৰজেন : 2. 5.
ফছফৰাছ : 2. 8. 5.
নাইট্ৰজেন ফছফৰাছতকৈ বেছি বিদ্যুৎ ঋণাত্মক । ইয়াৰ কাৰণ হল বৰ্গ এটাত ওপৰৰ পৰা তললৈ ক্ৰমান্বয়ে কক্ষৰ সংখ্যা বাঢ়ি যায় । ফলত যোজক ইলেক্ট্ৰন আৰু নিউক্লিয়াছৰ মাজৰ দূৰত্ব বাঢ়ে ।
20. আমাৰ দেহত স্নায়ু প্ৰেৰণা কেনেদৰে প্ৰবাহিত হয় ?
Ans : স্নায়ুকোষবোৰ কোষদেহ আৰু স্নায়ু প্ৰবৰ্ধ ৰে গঠিত । স্নায়ু প্ৰবৰ্ধ দুই প্ৰকাৰৰ - এক্সন আৰু ডেনড্ৰাইত । ডেনড্ৰাইতবোৰে নিকটৱৰ্তী কোষৰ পৰা স্নায়ু বাৰ্তা সংগ্ৰহ কৰে । স্নায়ুকোষৰ ক্ষুদ্ৰ স্নায়ু ফাকেৰে এবিধ ৰাসায়নিক পদাৰ্থৰ জৰিয়তে বৈদ্যুতিক প্ৰেৰণা সৃষ্টি কৰে ।এই বৈদ্যুতিক প্ৰেৰণা ডেনড্ৰাইতৰ পৰা কোষদেহলৈ আৰু পাছত এক্সনৰ মাজেদি ইয়াৰ শেষ প্ৰান্তত আন এটা স্নায়ুকোষলৈ প্ৰেৰণ কৰে । এক্সনৰ প্ৰান্তীয় শাখাত বৈদ্যুতিক প্ৰেৰণাৰ পৰা কিছুমান ৰাসায়নিক পদাৰ্থ মুক্ত হয় । এই ৰাসায়নিক পদাৰ্থবোৰ এটা স্নায়ুকোষৰ এক্সন আৰু ইয়াৰ নিকটৱৰ্তী কোষৰ ডেনড্ৰাইতৰ মাজেৰ সংযোগী পথ ছাইনেপছৰ মাজেদি পাৰ হৈ আনটো স্নায়ুকোষলৈ প্ৰেৰিত হয় । এনেধৰণেই আমাৰ দেহত স্নায়ু প্ৰেৰণা প্ৰবাহিত হয় ।
21. দীৰ্ঘচ্ছেদত এপাহ ফুলৰ চিত্ৰ আকি বিভিন্ন অংশসমূহ চিহ্নিত কৰা ।
Ans :
22. জীৱাশ্মসমূহ কি ? বিবৰ্তন সম্পৰ্কে জীৱাশ্মসমূহ আমাক কি কয় ?
Ans : wrote down your answer in the comment box
(HOME WORK)
23. a) এজন মানুহে দৃষ্টিৰ বিকাৰ হিচাপে +1.5D ক্ষমতাৰ লেনছ ব্যৱহাৰ কৰিব লগীয়া হৈছে । প্ৰতিকাৰী লেনছ খনৰ ফকাছ দৈৰ্ঘ্য কিমান?
b) চিত্ৰ অংকণ কৰি দেখুৱা যে বগা ৰশ্মি বিচ্ছুৰিত নোহোৱাকৈ দুটা প্ৰিজমৰ মাজেদি পাৰ হৈ যাব পাৰে ।
Ans : a) P = +1.5 D
f = 1/P
= 1/1.5
= 0.67m
প্ৰতিকাৰী লেনছ খনৰ ফকাছ দৈৰ্ঘ্য 0.67m
b)
24. আমি শক্তিৰ বিকল্প উৎস কিয় বিচাৰো ? এটা অপৰম্পৰাগত শক্তিৰ উৎসৰ নাম লিখা । ইয়াৰ সুবিধাৰ বিষয়ে লিখা ।
Ans : আধুনিক যুগৰ প্ৰয়োজনীয় শক্তিৰ চাহিদা পূৰাবলৈ আমি শক্তিৰ বিকল্প উৎস বিচাৰো ।
এটা অপৰম্পৰাগত শক্তিৰ উৎস হল সৌৰ শক্তি । ইয়াৰ সুবিধা হ'ল - এই শক্তিৰ ব্যৱহাৰে প্ৰদূষণৰ সৃষ্টি নকৰে ।
25. a) ওমৰ সূত্ৰটো লিখা । গাণিতিক ভাৱে প্ৰকাশ কৰা ।
b) পৰিবাহী ৰোধ নিৰ্ভৰ কৰা যিকোনো দুটা কাৰকৰ নাম লিখা ।
Ans ; ওমৰ সূত্ৰ : উষ্ণতা স্হিৰে থকা অবস্থাত এটা ৰোধকৰ দুই মূৰৰ বিভৱভেদ ইয়াৰ মাজেৰে চালিত প্ৰবাহৰ সমানুপাতিক ।
R= V/I
b) পৰিবাহী ৰোধ নিৰ্ভৰ কৰা যিকোনো দুটা কাৰকৰ -
i) প্ৰস্হচ্ছেদৰ কালি, ii) পদাৰ্থৰ প্ৰকৃতি ।
26. a) বৈদ্যুতিক মটৰৰ এটা চিহ্নিত চিত্ৰ আকা ।
b) বৈদ্যুতিক মটৰত ফলা আঙুলিটোৰ কাম কি ?
Ans : a)
b) fola anguthituye dik poribortok hisape kaam kore.
Comments
Post a Comment