Class 10 science - PRE METRIC EXAM #FULLY SOLVED QUESTION PAPER IN ASSAMESE

Follow this blog : Assameducation365


PART - 1                 


                                         HSLC PRE-TEST  EXAMINATION 2019
                                                                CLASS : X
                                                  SUB : GENERAL SCIENCE   
 TIME : 3HRS.                                                                                                  MARKS : 90




1. তলৰ প্ৰতিটো প্ৰশ্নৰ বাবে চাৰিটাকৈ উত্তৰ দিয়া আছে । চাৰিটাৰ ভিতৰত এটাহে শুদ্ধ উত্তৰ ।শুদ্ধ উত্তৰটো বাছি উলিওৱা ।
    a) লোৰ টাৱা এখন মামৰে ধৰাৰ পৰা বচাই ৰাখিবলৈ তলৰ কোনটো পদ্ধতি উপযুক্ত হয় ?
          i) গ্ৰীজ ব্যৱহাৰ কৰি 
         ii) ৰং ব্যৱহাৰ কৰি 
         iii) যিংকৰ প্ৰলেপ দি
         iv) ওপৰৰ সকলো     
Ans : iii) যিংকৰ প্ৰলেপ দি


     b)মৌলৰ পৰ্যাবৃত্ত তালিকাৰ এটাত বাঁওফালৰ পৰা সোঁফাললৈ পাৰমাণৱিক ব্যাসাৰ্ধ 
          i) বাঢ়ে
         ii) কমে 
         iii) একেই থাকে 
         iv) ওপৰৰ এটাও নহয় 
Ans : ii) কমে 



    c) তলত উল্লেখ কৰা কোনবিধ উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ নহয় 
         i) চাইটকাইনিন 
         ii) ইনচুলিন 
         iii) জিবাৰেলিন 
         iv) অক্সিন 
Ans : ii) ইনচুলিন 



    d) মানুহৰ চকুৱে এটা লক্ষ্যবস্তৰ প্ৰতিবিম্ব গঠন কৰে 
         i) কৰ্ণিয়াত
         ii) চকুৰ পতাত 
        iii) চকুৰ মণিত 
        iv) অক্ষিপটত
 Ans : iv) অক্ষিপটত



    e) তলৰ কোনটো ৰাশিয়ে বৈদ্যুতিক ক্ষমতা নিৰ্দেশ নকৰে 
         i) V2/R
         ii) I2/R
         iii) IR2
         iv) VI
Ans : iii) IR2



      f) পানী গৰম কৰিবলৈ সৌৰজল হীটাৰ এটা ব্যবহাৰ কৰিব নোৱাৰা দিনটো হৈছে 
        i) ৰৌদ্ৰোজ্জল দিন 
        ii) ডাৱৰীয়া দিন
       iii) গৰম দিন
       iv) বতাহে কোবোৱা দিন 
Ans : ii) ডাৱৰীয়া দিন



    g) এটা দ্ৰৱই ৰঙা লিটমাচ নীলা কৰিছে । ইয়াৰ pH হব পাৰে 
        i) 1      ii) 4 iii) 5       iv) 10
Ans : iv) 10


    h) মানুহৰ বৃক্ক দুটা কোনটো তন্ত্ৰৰ অংশ 
        i) পৰিপুষ্টি 
        ii) শ্বসন 
        iii) ৰেচন 
        iv) পৰিবহন 
Ans : iii) ৰেচন 



    i) তলৰ কোনবিধ উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ 
        i) ইনচুলিন 
        ii) থাইৰক্সিন 
        iii) চাইটকাইনিন 
       iv) এষ্ট্ৰোজেন
Ans : iii) চাইটকাইনিন 



    j) দাপোণ এখনৰ পৰা যিমান দূৰত থিয় নহওক কিয় প্ৰতিবিম্ব সদায় থিয় হয় । দাপোণখন কেনেকুৱা হব পাৰে ? 
        i) সমতল 
        ii)অৱতল
       iii) উত্তল
       iv) হয় সমতল নতুবা উত্তল
Ans : iv) হয় সমতল নতুবা উত্তল



2. সাধাৰণ উষ্ণতাত জুলীয়া অৱস্হাত পোৱা ধাতু এটাৰ নাম লিখা । 
Ans : সাধাৰণ উষ্ণতাত জুলীয়া অৱস্হাত পোৱা ধাতু এটাৰ নাম হৈছে পাৰা ।



3. আয়নীয় যৌগৰ গলনাংক কিয় বেছি ?
Ans : আয়নীয় যৌগৰ আন্ত: আয়নীয় বিদ্যুৎস্হিতীয় আকৰ্ষণ বল অতি প্ৰবল । সেই কাৰণে আয়নীয় যৌগৰ গলনাংক বেছি ।


4. এলডিহাইডৰ কাৰ্যকাৰী মূলকৰ সংকেতটো কি ?
Ans : 

5. মহাকাশচাৰী এজনে আকাশৰ ৰং নীলাৰ পৰিবৰ্তে কলা দেখে কিয় ?
Ans : মহাকাশত বায়ুমণ্ডল নাথাকে যাৰ বাবে তাত ৰঙৰ বিক্ষেপণ নঘটে । ফলত মহাকাশচাৰী এজনে আকাশৰ ৰং নীলাৰ পৰিবৰ্তে কলা দেখে ।



6. কি প্ৰজননত জিনীয় পদাৰ্থৰ বিনিময় ঘটে ??
Ans : যৌন প্ৰজননত জিনীয় পদাৰ্থৰ বিনিময় ঘটে ।



7. বিযোজন বিক্ৰিয়াক কিয় সংযোজন বিক্ৰিয়াৰ বিপৰীত বোলা হয় ?
Ans : বিযোজন বিক্ৰিয়াক কিয় সংযোজন বিক্ৰিয়াৰ বিপৰীত বোলা হয় কাৰণ বিযোজন বিক্ৰিয়াত এটা পদাৰ্থ বিযোজিত হৈ দুটা বা ততোধিক পদাৰ্থ উৎপন্ন কৰে । 

Follow this blog : Assameducation365

8. কিছুমান ডায়েবেটিজ ৰোগীক কিয় ইনচুলিনৰ বেজী দিয়া হয় ?
Ans : তেজত থকা গ্লুকজৰ পৰিমাণ বাঢ়ি গলে ডায়েবেটিজ ৰোগ হয় । এই গ্লুকজৰ পৰিমাণ নিয়ন্ত্ৰণ কৰিবলৈ ডায়েবেটিজ ৰোগীক  ইনচুলিনৰ বেজী দিয়া ।



9. পোহৰৰ প্ৰতিসৰণৰ সূত্ৰ দুটা লিখা ।                                                                                                              
Ans : পোহৰৰ প্ৰতিসৰণৰ সূত্ৰ দুটা হ'ল -
   (i) আপতিত ৰশ্মি, প্ৰতিসৰিত ৰশ্মি আৰু স্বচ্চ মাধ্যম দুটাৰ সন্ধিতলত আপতন বিন্দুত  টনা লম্ব একেখন সমতলত থাকে ।
  (iii) প্ৰদত্ত মাধ্যম যুগল আৰু প্ৰদত্ত ৰঙৰ পোহৰৰ বাবে আপতন কোণৰ চাইনৰ অনুপাত এটা ধ্ৰুৱক ।



10. এচিড এটাৰ জলীয় দ্ৰৱই কিয় বিদ্যুৎ পৰিবহন কৰে ?                                                                                       
Ans : জলীয় দ্ৰৱত এচিডে আয়ন উৎপন্ন কৰে । জলীয় দ্ৰৱ এটাত যিহেতু আয়নৰ জৰিয়তে বিদ্যুৎ পৰিবহণ হয়, গতিকে এচিড এটাৰ জলীয় দ্ৰৱই  বিদ্যুৎ পৰিবহন কৰে ।



11. জাইলেম আৰু ফ্লৱেম দ্ৰব্যৰ পৰিবহনৰ দুটা পাৰ্থক্য লিখা ।
Ans : i) জাইলেম কলাই পানী আৰু খনিজ লৱণ মাটিৰ পৰা পাতলৈ পৰিবহন কৰে । আনহাতে ফ্লৱেম কলাই পাতত উৎপাদিত খাদ্য দ্ৰব্য দেহৰ অনান্য ঠাইলৈ সৰবৰাহ কৰে ।
        ii) জাইলেম কলাৰ দ্বাৰা হোৱা সংবহন ভৌতিক বলৰ সহায়ত সংঘটিত হয় আনহাতে ফ্লৱেম কলাৰ যোগেদি হোৱা সংবহন শক্তি ব্যৱহাৰ কৰি সম্পন্ন হয় ।



12. অযৌন প্ৰজনন প্ৰক্ৰিয়া তকৈ যৌন প্ৰজনন প্ৰক্ৰিয়াৰ সুবিধা সমূহ কি কি? 
Ans :  যৌন প্ৰজনন প্ৰক্ৰিয়াত নতুনকৈ সৃষ্টি হোৱা জীৱবোৰত বৈসাদৃশ্য দেখা পোৱা যায় । এই প্ৰজননত বৈসাদৃশ্যতা আটাইতকৈ বেছি সৃষ্টি হয় । এইবোৰে জীৱবোৰৰ প্ৰজাতিটো বৰ্তি থকাত সহায় কৰে । 



13. এটা বৈদ্যুতিক মটৰে 220V লাইনৰ পৰা 5A প্ৰবাহ লয় । মটৰটোৰ ক্ষমতা আৰু 2 ঘন্টাত ই ব্যয় কৰা শক্তি উলিওৱা ।
Ans : দিয়া আছে
       বিভৱভেদ V = 220V
        প্ৰবাহ I = 5A
        সময় t = 2 hrs = 7200s

         এতেকে মটৰটোৰ ক্ষমতা - 
              P = VI
                 = 220 × 5
                 = 1100W

         2 ঘন্টাত ই ব্যয় কৰা শক্তি - 
             H = P× t
                 = 1100 × 7200
                 = 7.92 × 106  J



14. জীৱ অনিম্নিকণ পদাৰ্থই পৰিবেশত প্ৰভাৱ পেলাব পৰা যি কোনো দুটা সম্ভাৱনাৰ বিষয়ে লিখা ।
Ans : এইবোৰৰ পৰা হোৱা দুটা অসুবিধা হৈছে - (i) এইবিলাকে ভয়ংকৰ পাৰিবেশিক সমস্যাৰ সৃষ্টি কৰে । (ii) পৰিবেশ তন্ত্ৰৰ জীৱ বিলাকৰ ওপৰত বিভিন্ন প্ৰকাৰে অপকাৰ কৰে । 

Follow this blog : Assameducation365

15. a) দুডাল চৌম্বক বলৰেখাই কিয় পৰস্পৰ কটা কটি কৰিব নোৱাৰে? 
     b) ফ্লেমিঙৰ সোঁহতীয়া নিয়মটো কি ?
Ans : a) দুডাল চৌম্বক বলৰেখাই পৰস্পৰ কটা কটি কৰিব নোৱাৰে । কাৰণ যদিহে দুডাল চৌম্বক বলৰেখাই পৰস্পৰ কটা কটি কৰিলে হেতেন তেন্তে কটা কটি কৰা বিন্দুত দিগদৰ্শন যন্ত্ৰৰ কাঁটাই দুটা দিশ নিৰ্দেশ কৰিব যিটো সম্ভৱ নহয় ।
        b)ফ্লেমিঙৰ সোঁহতীয়া নিয়মটো হ'ল - 
         "প্ৰবাহযুক্ত পোন পৰিবাহী এডাল সোঁহাতৰে এনেদৰে মেৰিয়াই ধৰা হয় যাতে আঙুলিটো প্ৰবাহৰ দিশত মূৰ কৰি থাকে । তেনে অৱস্হাত বাকী আঙুলি কেইটাই চৌম্বক ক্ষেত্ৰৰ বলৰেখাৰ দিশত পৰিবাহীডাল মেৰিয়াই ৰাখিব ।"



16. পৰিস্থিতি তন্ত্ৰত বিয়োজকৰ ভূমিকা কি ?
Ans : পৰিস্থিতি তন্ত্ৰত বিয়োজকে জটিল জৈৱ যৌগবিলাকক বিয়োজন ঘটাই সৰল অজৈৱ পদাৰ্থলৈ পৰিবৰ্তন কৰি মাটিৰ লগত মিহলি কৰি দিয়ে । সেই বিলাককে উদ্ভিদে পুণৰ গ্ৰহণ কৰে ।



17. এখন চীনা মাটিৰ থালত 2g ছিলভাৰ ক্লৰাইড লোৱা আৰু ইয়াক সূৰ্য্যৰ পোহৰত ৰাখা ।
      a) কিছু সময়ৰ পিছত ছিলভাৰ ক্লৰাইডৰ ৰং কি হব ?
      b) কি প্ৰকাৰৰ বিক্ৰিয়া সংঘটিত হব ?
      c) ৰাসায়নিক বিক্ৰিয়াটো লিখা ।
Ans : a) ছিলভাৰ ক্লৰাইডৰ ৰং মটীয়া হব ।
         b) বিযোজন বিক্ৰিয়া সংঘটিত হব ।
         c)
 


Follow this blog : Assameducation365
© chamingpomung
Tap the link :
https://youtu.be/-YtrfWzpMdQ

Comments

Post a Comment

Popular posts from this blog

Class 10 General science SEBA BOARD Half yearly exam fully solved question paper in Assamese medium

HSLC PRE TEST 2020 2ND PART (SEBA)