Class 10 General science SEBA BOARD Half yearly exam fully solved question paper in Assamese medium
Follow this blog : Assameducation365
Follow this blog : Assameducation365
Follow this blog : Assameducation365
Half yearly examination - 2019
Class -X
Subject : General science
Time : 3hrs. Full marks : 90
1. তলৰ প্ৰতিটো প্ৰশ্নৰ বাবে চাৰিটাকৈ উত্তৰ দিয়া আছে । চাৰিটাৰ ভিতৰত এটাহে শুদ্ধ উত্তৰ ।শুদ্ধ উত্তৰটো বাছি উলিওৱা । 1×10 = 10
(i) NaCl + AgNO3 ------> AgCl + NaNO3
বিক্ৰিয়াটো এটা উদাহৰণ
a) সংযোজন বিক্ৰিয়া
b) বিযোজন বিক্ৰিয়া
c) অপসাৰণ বিক্ৰিয়া
d) দ্বি অপসাৰণ বিক্ৰিয়া
Ans: d) ) দ্বি অপসাৰণ বিক্ৰিয়া
(ii) তলৰ কোনটো সংকেতে জীপচামক সূচায় -
a) CaSO4.1/2H২O b) CaSO4.5H২O
b) Na২CO3.10H২O d) CaSO4.2H২O
Ans: d) CaSO4.2H২O
(iii) পৰ্যাবৃত্ত তালিকাৰ প্ৰথম চাৰিটা এলকালি ধাতু Li, Na, K, Rb ৰ ভিতৰত আটাইতকৈ বিদ্যুৎ ধনাত্মক ধাতু হ'ল -
a) Na b) K c) Li d) Rb
Ans : d) Rb
(iv) পাকস্থলী গ্ৰন্হীয়ে ক্ষৰণ কৰা উৎসেচক বিধ হ'ল -
a) ট্ৰিপচিন b) পেপচিন
c) লাইপেজ d) এমাইলেজ
Ans: b) পেপচিন
(v) মস্তিষ্কৰ যি অংশ ই সমতা আৰু ভংগীমা নিৰ্ণয়ৰ বাবে দায়ী, সেই অংশটো হ'ল -
a) চেৰিবেলাম b) মেদুলা
c)পনচ d) চেৰিব্ৰাম
Ans : a) চেৰিবেলাম
vi) তলৰ কোনটো লিংগ নিৰ্ণায়ক ক্ৰম'জম যোৰে এটি ছোৱালী শিশুক সূচায় -
a) xy b) xx
c) yy d) yx
Ans : b) xx
vii) 2 m ফ'কাছ দৈৰ্ঘ্যৰ অৱতল লেনছৰ ক্ষমতা হব -
a) +2D b) +1D
c) +0.5D d) -0.5D
Ans : d) -0.5D
viii) কোনটো ৰং সূক্ষ্ম কণাবোৰৰ দ্বাৰা বেছিকৈ বিক্ষিপ্ত হয় -
a) ৰঙা b) নীলা
c) হালধীয়া d) সেউজীয়া
Ans : b) নীলা
ix) তলত দিয়া কোনটো শক্তিৰ বিকল্প উৎস -
a) কয়লা b) পেট্ৰল
c) LPG d) সৌৰ শক্তি
Ans : d) সৌৰ শক্তি
x) পৰিস্থিতি তন্ত্ৰ এটাৰ তলৰ উল্লেখিত কোনটো ভাগত বেক্টেৰিয়া সমূহক অন্তৰ্ভূক্ত কৰা হয় -
a) উৎপাদক b) প্ৰাথমিক উপভোক্তা
b) দ্বিতীয় উপভোক্তা d) বিয়োজক
Ans : d) বিয়োজক
2. ভৌতিক পৰিবৰ্তন আৰু ৰাসায়নিক পৰিৱৰ্তনৰ এটা মূল পাৰ্থক্য লিখা । 1
Ans : পদাৰ্থৰ ভৌতিক পৰিবৰ্তনত নতুন পদাৰ্থৰ উৎপন্ন নহয় আনহাতে ৰাসায়নিক পৰিবৰ্তনত নতুন পদাৰ্থৰ উৎপন্ন হয় ।
3.এচিডে ধাতুৰলগত বিক্ৰিয়া কৰিলে কোনটো গেছনিৰ্গত হয়? 1
Ans : এচিডে ধাতুৰ লগত বিক্ৰিয়া কৰিলে হাইড্ৰজেন গেছ নিৰ্গত হয় ।
4. এটা মৌলৰ ইলেক্ট্ৰনিয় বিন্যাস 2,8,8,3 মৌলটোৰ পৰমাণু ক্ৰমাংক লিখা । 1
Ans : এটা মৌলৰ ইলেক্ট্ৰনিয় বিন্যাস 2,8,8,3 মৌলটোৰ পৰমাণু ক্ৰমাংক হ'ল 21.
5. মানৱ দেহত ইনছুলিন হৰম'ন ক'ত উৎপন্ন হয় ? 1
Ans : মানৱ দেহত ইনছুলিন হৰম'ন অগ্নাশয় গ্ৰন্হিয়ে উৎপন্ন কৰে ।
6. সাধাৰণ চকুৰ দূৰ বিন্দুটো কিমান ? 1
Ans : সাধাৰণ চকুৰ দূৰ বিন্দুটো অসীমত থাকে ।
7. লোৰ গজাল এটা ডুবাই ৰাখিলে কপাৰ ছালফেট দ্ৰৱ এটাৰ ৰঙৰ পৰিবৰ্তন ঘটে কিয় ? 2
Ans : লোৰ গজাল এটা ডুবাই ৰাখিলে কপাৰ ছালফেট দ্ৰৱ এটাৰ ৰঙৰ পৰিবৰ্তন ঘটে । ইয়াৰ কাৰণ হ'ল লো বা আইৰণ কপাৰতকৈ অধিক সক্ৰিয় মৌল । ফলত আইৰণে কপাৰ ছালফেট দ্ৰৱটোৰ পৰা কপাৰক অপসাৰণ কৰি আইৰণ ছালফেট উৎপন্ন কৰে ।
8. দুৰ্গন্ধিতা কি ? 2
Ans : তেল আৰু চৰ্বীযুক্ত খাদ্যবস্তু অক্সিজেনৰ সংস্পৰ্শত আহি জাৰিত হ'লে এইবোৰৰ গোন্ধ আৰু স্বাদ সলনি হয় । ইয়াকে দুৰ্গন্ধিতা বোলে ।
9. এচিড এটাৰ জলীয় দ্ৰৱই কিয় বিদ্যুৎ পৰিবহন কৰে ? 2
Ans : জলীয় দ্ৰৱত এচিডে আয়ন উৎপন্ন কৰে । জলীয় দ্ৰৱ এটাত যিহেতু আয়নৰ জৰিয়তে বিদ্যুৎ পৰিবহণ হয়, গতিকে এচিড এটাৰ জলীয় দ্ৰৱই বিদ্যুৎ পৰিবহন কৰে ।
10. এটা মৌল X ৰ পৰমাণু ক্ৰমাংক 13 । 2
a) 'x' মৌলটো পৰ্যাবৃত্ত তালিকাৰ কোনটো বৰ্গত আছে ?
b) 'x' মৌলটো ধাতু নে অধাতু ?
Ans : a) 'x' মৌলটো পৰ্যাবৃত্ত তালিকাৰ 13 বৰ্গত আছে ।
b) 'x' মৌলটো ধাতু (Al) ।
11. স্বপোষী আৰু পৰপোষী পুষ্টি কি ? 2
Ans : সৰল অজৈৱিক উৎসৰ জৈৱ ৰাসায়নিক বিক্ৰিয়া ঘটাই পুষ্টি আহৰণ কৰাকে স্বপোষী পুষ্টি বোলে ।
জৈৱ অনুঘটক ব্যৱহাৰ কৰি জটিল খাদ্যৰ সৰলীকৰণ ঘটাই পুষ্টি আহৰণ কৰাকে পৰপোষী পুষ্টি বোলে ।
12. আমাৰ খাদ্যৰ পাচনত যকৃতৰ ভূমিকা কি ? 2
Ans : যকৃতৰ পৰা পিত্ত ৰস নি:সৰিত হয় । ই পাকস্থলীৰ পৰা অহা আম্লিক অৰ্ধপাচিত খাদ্য, উৎসেচকে ক্ৰিয়া কৰিব পৰাকৈ ক্ষাৰকীয় কৰি তোলে । লগতে চৰ্বীৰ বৃহৎ আৰু খণ্ডযুক্ত অণুবোৰ সৰলীকৃত কৰি পাচন কাৰ্য্যতে সহায় কৰে ।
13. উদ্ভিদৰ দেহত অক্সিন আৰু জিবাৰেলিনৰ কাৰ্য কি ? 2
Ans : উদ্ভিদৰ দেহত অক্সিনে কাণ্ডৰ কোষৰ আকাৰ ডাঙৰ আৰু দীঘল হোৱাত সহায় কৰে ।
জিবাৰেলিনেও অক্সিনৰ দৰেই কাণ্ডৰ কোষৰ আকাৰ ডাঙৰ আৰু দীঘল হোৱাত সহায় কৰে ।
Follow this blog : Assameducation365
14. জীৱ বিবৰ্ধক বুলিলে কি বুজা ? 2
Ans : কিছুমান অক্ষয়িষ্ণু ৰাসায়নিক পদাৰ্থ জীৱ দেহত প্ৰৱেশ কৰি খাদ্য শৃংখলৰ বিভিন্ন পৌষ্টিক স্তৰত গোট খাই থাকে । এনে পৰিঘটনাকে জীৱ বিবৰ্ধক বুলি কোৱা হয় ।
15.পাৰমাণৱিক শক্তি ওপৰত চমু টোকা লিখা । 2
Ans : পাৰমাণৱিক শক্তি, ইউৰেনিয়ামৰ দৰে মৌলৰ নিউক্লীয়াছ বিযোজন ঘটাই উৎপন্ন কৰা হয় । উৎপন্ন হোৱা শক্তিক বাষ্প উৎপাদন আৰু পৰবৰ্তী পৰ্য্যায়ত শক্তি উৎপাদনৰ বাবে ব্যৱহাৰ কৰা হয় ।
পাৰমাণৱিক শক্তি উৎপাদনৰ লগত জড়িত অসুবিধাসমূহ হৈছে, এই প্ৰক্ৰিয়াত খৰছৰ পৰিমাণ বেছি তথা কিছুমান ক্ষতিকাৰক উপ - পাৰমাণৱিক কণা নিৰ্গত হয় ।
16. পোহৰৰ প্ৰতিসৰণৰ সূত্ৰ দুটা লিখা । 2
Ans : পোহৰৰ প্ৰতিসৰণৰ সূত্ৰ দুটা হ'ল -
(i) আপতিত ৰশ্মি, প্ৰতিসৰিত ৰশ্মি আৰু স্বচ্চ মাধ্যম দুটাৰ সন্ধিতলত আপতন বিন্দুত টনা লম্ব একেখন সমতলত থাকে ।
(iii) প্ৰদত্ত মাধ্যম যুগল আৰু প্ৰদত্ত ৰঙৰ পোহৰৰ বাবে আপতন কোণৰ চাইনৰ অনুপাত এটা ধ্ৰুৱক ।
17. তলত দিয়া চিত্ৰ চাই উত্তৰ দিয়া । 3
(a) ৰাসায়নিক বিক্ৰিয়াটো চিনাক্ত কৰা ।
(b) বিক্ৰিয়াটোৰ ৰাসায়নিক সমীকৰণ লিখা ।
(c) এই বিক্ৰিয়াটোৰ এটা বাণিজ্যিক ব্যৱহাৰ লিখা ।
Ans : (a) ৰাসায়নিক বিক্ৰিয়াটো এটা বিযোজন বিক্ৰিয়া ।
(b) বিক্ৰিয়াটোৰ ৰাসায়নিক সমীকৰণটো হ'ল -
(c) এই বিক্ৰিয়া কলা বগা ফটোগ্ৰাফীত বাণিজ্যিক ব্যৱহাৰ কৰা হয় ।
18. ব্লিচিং পাউদাৰ কেনেকৈ প্ৰস্তুত কৰা হয় ? সমীকৰণ সহ লিখা । ইয়াৰ এটা ব্যৱহাৰ লিখা । 3
Ans : শুকান শিথিলত চূণ [Ca(OH)২] ৰ লগত ক্লৰিনৰ ক্ৰিয়াৰ দ্বাৰা ব্লিচিং পাউদাৰ প্ৰস্তুত কৰা হয় । সংঘটিত হোৱা ৰাসায়নিক সমীকৰণটো হ'ল -
Ca(OH)২ +Cl২ -------->CaOCl২ + H২O
ব্লিচিং পাউদাৰ খোৱা পানী বীজাণুমুক্ত কৰিবলৈ ব্যৱহাৰ কৰা হয় ।
19. মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ তিনিটা সীমাবদ্ধতা লিখা । 3
Ans : (i) সমস্হানিকৰ অৱস্হান : তেওঁৰ পৰ্যাবৃত্ত তালিকাত সমস্হানিকৰ স্হান নাছিল । কাৰণ এইবোৰ বহু পাছত আবিষ্কাৰ হৈছিল ।
(ii) ইলেকট্ৰনৰ যোজ্যতা : মেণ্ডেলিভৰ পৰ্য্যাবৃত্ত তালিকাত একে যোজ্যতা বিশিষ্ট মৌল সমূহ একে বৰ্গত ৰখা হৈছিল ।
(iii) হাইড্ৰজেনৰ স্হান : মেণ্ডেলিভৰ পৰ্য্যাবৃত্ত তালিকাত হাইড্ৰজেনৰ স্হান নিৰূপণ কৰিব পৰা নাছিল।
20. সবাত শ্বসন আৰু অবাত শ্বসনৰ তিনিটা পাৰ্থক্য লিখা । 3
Ans : (i) সবাত শ্বসন অক্সিজেনৰ উপস্থিতিত সংঘটিত হয় । আনহাতে অবাত শ্বসনৰ অক্সিজেনৰ অনুপস্থিতিত সংঘটিত হয়।
(ii) সবাত শ্বসন কোষৰ মাইট'কন্ড্ৰিয়াৰ ভিতৰত হয় । আনহাতে অবাত শ্বসন কোষপ্ৰৰসত হয় ।
(iii) সবাত শ্বসনত শক্তিৰ লগত কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন হয় কিন্তু অবাত শ্বসনত শক্তিৰ লগত কাৰ্বন ডাই অক্সাইড আৰু ইথানল উৎপন্ন হয় ।
21. প্ৰতীপ ক্ৰিয়া কি ? ইয়াৰ গুৰুত্ব কি ? 1+2=3
Ans : প্ৰতীপ ক্ৰিয়া হ'ল প্ৰাণী দেহত স্নায়ুতন্তৰজ্জুৰ দ্বাৰা পৰিচালিত এক ক্ৰিয়া ।
ইয়াৰ গুৰুত্ব হ'ল যে প্ৰতীপ ক্ৰিয়াই পাৰিপাৰ্শ্বিকৰ পৰিবৰ্তনৰ ফলত উদ্ভাৱ হোৱা পৰিস্থিতি মুহূৰ্ততে নিয়ন্ত্ৰণ কৰে ।
22 .মেণ্ডেলৰ পৰীক্ষাই কেনেদৰে দেখুৱাই যে জীৱৰ লক্ষণবোৰ প্ৰভাৱী বা অপ্ৰভাৱী হব পাৰে ? 3
Ans : মেণ্ডেলে তেখেতৰ পৰীক্ষামূলক অধ্যয়নৰ বাবে মটৰ মাহৰ উচ্চতাৰ ভিত্তিত ওখ (TT) আৰু চাপৰ (tt) গছৰ মাজত সংকৰণ ঘটাইছিল ।
প্ৰথম প্ৰজন্মৰ সকলো মটৰ মাহৰ গছ ওখ পোৱা গৈছিল । অৰ্থাৎ পৈতৃক পুৰুষৰ যি কোনো এটাহে চাৰিত্ৰিক বৈশিষ্ট্য দেখা পোৱা গৈছিল,দুয়োটাৰ সংমিশ্ৰণ ঘটা নাছিল । তাৰ পাছত তেওঁ প্ৰথম প্ৰজন্মৰ গছৰ মাজতে স্ব-পৰাগযোগ ঘটাইছিল । কিন্তু দ্বিতীয় প্ৰজন্মৰ সকলো মটৰ মাহৰ গছ ওখ পোৱা নগৈছিল । তাৰ পৰিৱৰ্তে এক চতুৰ্থাংশ চাপৰ চৰিত্ৰ বিশিষ্ট গছ পোৱা গৈছিল ।
ইয়াৰ পৰাই স্পষ্ট হয় যে মটৰ মাহৰ এই ওখ (TT) আৰু চাপৰ (tt) দুয়োটা চাৰিত্ৰিক বৈশিষ্ট্যই প্ৰথম প্ৰজন্মলৈ বংশানুক্ৰমিক ভাৱে প্ৰবাহ ঘটিছিল কিন্তু ওখ চাৰিত্ৰিক বৈশিষ্ট্যটো প্ৰভাৱী হোৱাৰ বাবে ইয়ে প্ৰকাশ পাইছিল ।
Follow this blog : Assameducation365
23. 15cm ফ'কাছ দৈৰ্ঘ্যৰ উত্তল লেনছ এখনৰ পৰা 10cm দূৰত্বত লক্ষ্যবস্ত এটা ৰখা হৈছে । প্ৰতিবিম্বৰ অৱস্হান আৰু প্ৰকৃতি নিৰ্ণয় কৰা । 3
Ans :
24. মায়পিক চকু কি ? চিত্ৰ আঁকি দেখুওৱা । এই বিকাৰ কেনেকৈ নাইকিয়া কৰিব পাৰি ? 3
Ans : মায়পিক চকু হল যি চকুৰে ব্যক্তি এজনে ওচৰৰ বস্তুবোৰ ভালকৈ দেখে কিন্তু দূৰৰ বস্তুবোৰ স্পষ্টকৈ দেখা নাপায় ।
উপযুক্ত ক্ষমতাৰ অৱতল লেনছ ব্যৱহাৰ কৰি এই বিকাৰ নাইকিয়া কৰিব পাৰি ।
25. এটা আদৰ্শ ইন্ধনৰ তিনিটা বৈশিষ্ট্য লিখা । 3
Ans : এটা আদৰ্শ ইন্ধনৰ তিনিটা বৈশিষ্ট্য হ'ল -
(i) এটা আদৰ্শ ইন্ধন সহজেই উপলব্ধ হয় ।
(ii) এটা আদৰ্শ ইন্ধন সহজেই পৰিবহন আৰু সণ্ষ্ণয় কৰিব পাৰি ।
(iii) এটা আদৰ্শ ইন্ধন মিতব্যয়ী হয় ।
26. জীৱ অনিম্নীকৰণ পদাৰ্থ কাক বুলে ? এইবোৰৰ পৰা হোৱা দুটা অসুবিধাৰ বিষয়ে লিখা । 3
Ans : যিবিলাক পদাৰ্থ কিছুমান জৈৱিক প্ৰক্ৰিয়াৰে সৰল পৰ্য্যায়লৈ সলনি নহয়,সেই পদাৰ্থখিনিক জীৱ অনিম্নীকৰণ পদাৰ্থ বুলে ।
এইবোৰৰ পৰা হোৱা দুটা অসুবিধা হৈছে - (i) এইবিলাকে ভয়ংকৰ পাৰিবেশিক সমস্যাৰ সৃষ্টি কৰে । (ii) পৰিবেশ তন্ত্ৰৰ জীৱ বিলাকৰ ওপৰত বিভিন্ন প্ৰকাৰে অপকাৰ কৰে ।
27. ৰেডক্স বিক্ৰিয়া কাক বোলে ? তলৰ বিক্ৰিয়াটোত চিনাক্ত কৰা ।
2AgBr (s) + C6H6O2(aq) → 2Ag(s) + 2HBr (aq) + C6H4O2(aq)
i) জাৰিত পদাৰ্থ
ii) বিজাৰিত পদাৰ্থ
iii) জাৰক
iv) বিজাৰক
Ans : AgBr is reduced to Ag
C6H6O2 is oxidised to C6H4O2
AgBr is an oxidising agent
C6H6O2 is a reducing agent.
28. মিল্ক অব মেগনেছিয়াক অম্লনাশক বুলি কিয় কোৱা হয় ? ইয়াৰ সৈতে HCl এছিডে কেনেদৰে বিক্ৰিয়া কৰে ? এনেধৰণৰ বিক্ৰিয়াক কিয় প্ৰশমন বিক্ৰিয়াক বোলে? 1+2+2 = 5
Ans : মিল্ক অব মেগনেছিয়াক অম্লনাশক বুলি কোৱা হয়, কাৰণ ই পেটত উৎপন্ন হোৱা অতিৰিক্ত এছিড বা অম্ল প্ৰশমিত কৰে ।
ইয়াৰ সৈতে HCl এছিডে তলত দিয়া ধৰণে বিক্ৰিয়া কৰে -
Mg (OH)২ (s) + 2HCl (aq) --------> MgCl২ (aq)+ 2H২O(l)
এনেধৰণৰ বিক্ৰিয়াক প্ৰশমন বিক্ৰিয়াক বোলে কাৰণ এনে বিক্ৰিয়াত এছিড আৰু ক্ষাৰকে পৰস্পৰে পৰস্পৰৰ প্ৰভাৱ নোহোৱা কৰে ।
29. মানুহৰ হৃদপিণ্ডৰ বিভিন্ন কোঠালিৰ মাজেৰে হোৱা তেজৰ প্ৰবাহ এটা চিহ্নিত চিত্ৰৰ সৈতে বৰ্ণনা কৰা । 2+3=5
Ans :
হাওঁফাওঁৰ পৰা অক্সিজেনযুক্ত তেজ আহি হৃদযন্ত্ৰৰ পূৰ্বদেশীয় অংশত থকা বাওঁ কোঠালিত আহি পৰেহি । ইয়াক বাওঁ অলিন্দ বোলে । পূৰ্বদেশীয় কোঠালি কেইটাৰ বেৰখন অতি পাতল । এই অৱস্হাত বাওঁ অলিন্দটো শিথিল হৈ যায় ।বাওঁ অলিন্দই তেজ সংগ্ৰহ কৰাৰ পাছত ই সংকুচিত হৈ তাত থকা তেজ ইয়াৰ পশ্চাৎ অংশত থকা কোঠালিলৈ পঠিয়াই দিয়ে । এই কোঠালিৰ বাওঁ নিলয় বোলে । সো অলিন্দটো সংকোচন হোৱাৰ সময়ত ইয়াৰ পশ্চাৎ দেশত অৱস্হিত কোঠালিৰ দুৱাৰ মুকলি হৈ যায় আৰু তেতিয়া সো অলিন্দৰ পৰা তেজ আহি ইয়াত সোমাই পৰে । ইয়াক সোঁ নিলয় বোলে । যেতিয়া সোঁ নিলয়টো সংকুচিত হয়,তেতিয়া ইয়াৰ পৰা তেজ হাওঁফাওঁলৈ যায় । হাওঁফাওঁত এই তেজ শুধন হয় । নিলয়ৰ পৰা তেজ শৰীৰৰ বিভিন্ন অংশলৈ যায় ।
30. গাড়ীৰ পিছফালে চাবলৈ কিয় উত্তল দাপোন ব্যৱহাৰ কৰা হয় ? বাহন এখনৰ পিছলৈ ছোৱা উত্তল দাপোন এখনৰ ভাজ ব্যাসাৰ্ধ 4m । দাপোনখনৰ পৰা 5m দূৰত্বত এখন বাছ আছে । বাছখনৰ প্ৰতিবিম্বৰ স্হান নিৰ্ণয় কৰা । 2+3=5
Ans : উত্তল দাপোনে সৰুকৈ হ'লেও থিয় প্ৰতিবিম্ব গঠন কৰে, তথা ইহঁতৰ দৃষ্টিক্ষেত্ৰ বহল । সেয়েহে, গাড়ীৰ পিছফালে চাবলৈ উত্তল দাপোন ব্যৱহাৰ কৰা হয় ।
প্ৰতিবিম্বটো দাপোণৰ পিছফালে 1.4m দূৰত্ব থাকিব ।
31. ব্যাখ্যা কৰা সমসংস্হ অংগ আৰু সমবৃত্তিক অংগ । তলত উল্লেখ কৰা সমসংস্হ অংগ আৰু সমবৃত্তিক অংগসমূহ চিনাক্ত কৰা ।
কীট পতংগৰ পাখি, বাদুলীৰ পাখি, ভেকুলীৰ আগঠেং,মানুহৰ অগ্ৰপদ । 3+2=5
Ans : একে কাৰ্য্য কিন্তু ভিন্ন উৎপত্তিৰ অংগসমূহক সমসংস্হ অংগ যেনেভেকুলীৰ আগঠেং,মানুহৰ অগ্ৰপদ সমসংস্হ অংগ আৰু ভিন্ন কাৰ্য্য কিন্তু একে উৎপত্তিৰ অংগসমূহক সমবৃত্তিক অংগ বোলে । উদাহৰণস্বৰূপে কীট পতংগৰ পাখি, বাদুলীৰ পাখি সমবৃত্তিক অংগ ।
কীট পতংগৰ পাখি, বাদুলীৰ পাখি সমবৃত্তিক অংগ আৰু ভেকুলীৰ আগঠেং,মানুহৰ অগ্ৰপদ সমসংস্হ অংগ ।
Follow this blog : Assameducation365
© chamingpomung2020
rigarep-ta-Corona Cesar Padilla https://wakelet.com/wake/3AFlUELEAcG0-I1YpePiu
ReplyDeletelimpgensoundking
ulerXin_be Megan Davis There
ReplyDeleteWinRar
Link
giosmaretun