Class 10 science - PRE METRIC EXAM #FULLY SOLVED QUESTION PAPER IN ASSAMESE
Follow this blog : Assameducation365
PART - 1
HSLC PRE-TEST EXAMINATION 2019
CLASS : X
SUB : GENERAL SCIENCE
TIME : 3HRS. MARKS : 90
1. তলৰ প্ৰতিটো প্ৰশ্নৰ বাবে চাৰিটাকৈ উত্তৰ দিয়া আছে । চাৰিটাৰ ভিতৰত এটাহে শুদ্ধ উত্তৰ ।শুদ্ধ উত্তৰটো বাছি উলিওৱা ।
a) লোৰ টাৱা এখন মামৰে ধৰাৰ পৰা বচাই ৰাখিবলৈ তলৰ কোনটো পদ্ধতি উপযুক্ত হয় ?
i) গ্ৰীজ ব্যৱহাৰ কৰি
ii) ৰং ব্যৱহাৰ কৰি
iii) যিংকৰ প্ৰলেপ দি
iv) ওপৰৰ সকলো
Ans : iii) যিংকৰ প্ৰলেপ দি
b)মৌলৰ পৰ্যাবৃত্ত তালিকাৰ এটাত বাঁওফালৰ পৰা সোঁফাললৈ পাৰমাণৱিক ব্যাসাৰ্ধ
i) বাঢ়ে
ii) কমে
iii) একেই থাকে
iv) ওপৰৰ এটাও নহয়
Ans : ii) কমে
c) তলত উল্লেখ কৰা কোনবিধ উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ নহয়
i) চাইটকাইনিন
ii) ইনচুলিন
iii) জিবাৰেলিন
iv) অক্সিন
Ans : ii) ইনচুলিন
d) মানুহৰ চকুৱে এটা লক্ষ্যবস্তৰ প্ৰতিবিম্ব গঠন কৰে
i) কৰ্ণিয়াত
ii) চকুৰ পতাত
iii) চকুৰ মণিত
iv) অক্ষিপটত
Ans : iv) অক্ষিপটত
e) তলৰ কোনটো ৰাশিয়ে বৈদ্যুতিক ক্ষমতা নিৰ্দেশ নকৰে
i) V2/R
ii) I2/R
iii) IR2
iv) VI
Ans : iii) IR2
f) পানী গৰম কৰিবলৈ সৌৰজল হীটাৰ এটা ব্যবহাৰ কৰিব নোৱাৰা দিনটো হৈছে
i) ৰৌদ্ৰোজ্জল দিন
ii) ডাৱৰীয়া দিন
iii) গৰম দিন
iv) বতাহে কোবোৱা দিন
Ans : ii) ডাৱৰীয়া দিন
g) এটা দ্ৰৱই ৰঙা লিটমাচ নীলা কৰিছে । ইয়াৰ pH হব পাৰে
i) 1 ii) 4 iii) 5 iv) 10
Ans : iv) 10
h) মানুহৰ বৃক্ক দুটা কোনটো তন্ত্ৰৰ অংশ
i) পৰিপুষ্টি
ii) শ্বসন
iii) ৰেচন
iv) পৰিবহন
Ans : iii) ৰেচন
i) তলৰ কোনবিধ উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ
i) ইনচুলিন
ii) থাইৰক্সিন
iii) চাইটকাইনিন
iv) এষ্ট্ৰোজেন
Ans : iii) চাইটকাইনিন
j) দাপোণ এখনৰ পৰা যিমান দূৰত থিয় নহওক কিয় প্ৰতিবিম্ব সদায় থিয় হয় । দাপোণখন কেনেকুৱা হব পাৰে ?
i) সমতল
ii)অৱতল
iii) উত্তল
iv) হয় সমতল নতুবা উত্তল
Ans : iv) হয় সমতল নতুবা উত্তল
2. সাধাৰণ উষ্ণতাত জুলীয়া অৱস্হাত পোৱা ধাতু এটাৰ নাম লিখা ।
Ans : সাধাৰণ উষ্ণতাত জুলীয়া অৱস্হাত পোৱা ধাতু এটাৰ নাম হৈছে পাৰা ।
3. আয়নীয় যৌগৰ গলনাংক কিয় বেছি ?
Ans : আয়নীয় যৌগৰ আন্ত: আয়নীয় বিদ্যুৎস্হিতীয় আকৰ্ষণ বল অতি প্ৰবল । সেই কাৰণে আয়নীয় যৌগৰ গলনাংক বেছি ।
4. এলডিহাইডৰ কাৰ্যকাৰী মূলকৰ সংকেতটো কি ?
Ans :
5. মহাকাশচাৰী এজনে আকাশৰ ৰং নীলাৰ পৰিবৰ্তে কলা দেখে কিয় ?
Ans : মহাকাশত বায়ুমণ্ডল নাথাকে যাৰ বাবে তাত ৰঙৰ বিক্ষেপণ নঘটে । ফলত মহাকাশচাৰী এজনে আকাশৰ ৰং নীলাৰ পৰিবৰ্তে কলা দেখে ।
6. কি প্ৰজননত জিনীয় পদাৰ্থৰ বিনিময় ঘটে ??
Ans : যৌন প্ৰজননত জিনীয় পদাৰ্থৰ বিনিময় ঘটে ।
7. বিযোজন বিক্ৰিয়াক কিয় সংযোজন বিক্ৰিয়াৰ বিপৰীত বোলা হয় ?
Ans : বিযোজন বিক্ৰিয়াক কিয় সংযোজন বিক্ৰিয়াৰ বিপৰীত বোলা হয় কাৰণ বিযোজন বিক্ৰিয়াত এটা পদাৰ্থ বিযোজিত হৈ দুটা বা ততোধিক পদাৰ্থ উৎপন্ন কৰে ।
Follow this blog : Assameducation365
8. কিছুমান ডায়েবেটিজ ৰোগীক কিয় ইনচুলিনৰ বেজী দিয়া হয় ?
Ans : তেজত থকা গ্লুকজৰ পৰিমাণ বাঢ়ি গলে ডায়েবেটিজ ৰোগ হয় । এই গ্লুকজৰ পৰিমাণ নিয়ন্ত্ৰণ কৰিবলৈ ডায়েবেটিজ ৰোগীক ইনচুলিনৰ বেজী দিয়া ।
9. পোহৰৰ প্ৰতিসৰণৰ সূত্ৰ দুটা লিখা ।
Ans : পোহৰৰ প্ৰতিসৰণৰ সূত্ৰ দুটা হ'ল -
(i) আপতিত ৰশ্মি, প্ৰতিসৰিত ৰশ্মি আৰু স্বচ্চ মাধ্যম দুটাৰ সন্ধিতলত আপতন বিন্দুত টনা লম্ব একেখন সমতলত থাকে ।
(iii) প্ৰদত্ত মাধ্যম যুগল আৰু প্ৰদত্ত ৰঙৰ পোহৰৰ বাবে আপতন কোণৰ চাইনৰ অনুপাত এটা ধ্ৰুৱক ।
10. এচিড এটাৰ জলীয় দ্ৰৱই কিয় বিদ্যুৎ পৰিবহন কৰে ?
Ans : জলীয় দ্ৰৱত এচিডে আয়ন উৎপন্ন কৰে । জলীয় দ্ৰৱ এটাত যিহেতু আয়নৰ জৰিয়তে বিদ্যুৎ পৰিবহণ হয়, গতিকে এচিড এটাৰ জলীয় দ্ৰৱই বিদ্যুৎ পৰিবহন কৰে ।
11. জাইলেম আৰু ফ্লৱেম দ্ৰব্যৰ পৰিবহনৰ দুটা পাৰ্থক্য লিখা ।
Ans : i) জাইলেম কলাই পানী আৰু খনিজ লৱণ মাটিৰ পৰা পাতলৈ পৰিবহন কৰে । আনহাতে ফ্লৱেম কলাই পাতত উৎপাদিত খাদ্য দ্ৰব্য দেহৰ অনান্য ঠাইলৈ সৰবৰাহ কৰে ।
ii) জাইলেম কলাৰ দ্বাৰা হোৱা সংবহন ভৌতিক বলৰ সহায়ত সংঘটিত হয় আনহাতে ফ্লৱেম কলাৰ যোগেদি হোৱা সংবহন শক্তি ব্যৱহাৰ কৰি সম্পন্ন হয় ।
12. অযৌন প্ৰজনন প্ৰক্ৰিয়া তকৈ যৌন প্ৰজনন প্ৰক্ৰিয়াৰ সুবিধা সমূহ কি কি?
Ans : যৌন প্ৰজনন প্ৰক্ৰিয়াত নতুনকৈ সৃষ্টি হোৱা জীৱবোৰত বৈসাদৃশ্য দেখা পোৱা যায় । এই প্ৰজননত বৈসাদৃশ্যতা আটাইতকৈ বেছি সৃষ্টি হয় । এইবোৰে জীৱবোৰৰ প্ৰজাতিটো বৰ্তি থকাত সহায় কৰে ।
13. এটা বৈদ্যুতিক মটৰে 220V লাইনৰ পৰা 5A প্ৰবাহ লয় । মটৰটোৰ ক্ষমতা আৰু 2 ঘন্টাত ই ব্যয় কৰা শক্তি উলিওৱা ।
Ans : দিয়া আছে
বিভৱভেদ V = 220V
প্ৰবাহ I = 5A
সময় t = 2 hrs = 7200s
এতেকে মটৰটোৰ ক্ষমতা -
P = VI
= 220 × 5
= 1100W
2 ঘন্টাত ই ব্যয় কৰা শক্তি -
H = P× t
= 1100 × 7200
= 7.92 × 106 J
14. জীৱ অনিম্নিকণ পদাৰ্থই পৰিবেশত প্ৰভাৱ পেলাব পৰা যি কোনো দুটা সম্ভাৱনাৰ বিষয়ে লিখা ।
Ans : এইবোৰৰ পৰা হোৱা দুটা অসুবিধা হৈছে - (i) এইবিলাকে ভয়ংকৰ পাৰিবেশিক সমস্যাৰ সৃষ্টি কৰে । (ii) পৰিবেশ তন্ত্ৰৰ জীৱ বিলাকৰ ওপৰত বিভিন্ন প্ৰকাৰে অপকাৰ কৰে ।
Follow this blog : Assameducation365
15. a) দুডাল চৌম্বক বলৰেখাই কিয় পৰস্পৰ কটা কটি কৰিব নোৱাৰে?
b) ফ্লেমিঙৰ সোঁহতীয়া নিয়মটো কি ?
Ans : a) দুডাল চৌম্বক বলৰেখাই পৰস্পৰ কটা কটি কৰিব নোৱাৰে । কাৰণ যদিহে দুডাল চৌম্বক বলৰেখাই পৰস্পৰ কটা কটি কৰিলে হেতেন তেন্তে কটা কটি কৰা বিন্দুত দিগদৰ্শন যন্ত্ৰৰ কাঁটাই দুটা দিশ নিৰ্দেশ কৰিব যিটো সম্ভৱ নহয় ।
b)ফ্লেমিঙৰ সোঁহতীয়া নিয়মটো হ'ল -
"প্ৰবাহযুক্ত পোন পৰিবাহী এডাল সোঁহাতৰে এনেদৰে মেৰিয়াই ধৰা হয় যাতে আঙুলিটো প্ৰবাহৰ দিশত মূৰ কৰি থাকে । তেনে অৱস্হাত বাকী আঙুলি কেইটাই চৌম্বক ক্ষেত্ৰৰ বলৰেখাৰ দিশত পৰিবাহীডাল মেৰিয়াই ৰাখিব ।"
16. পৰিস্থিতি তন্ত্ৰত বিয়োজকৰ ভূমিকা কি ?
Ans : পৰিস্থিতি তন্ত্ৰত বিয়োজকে জটিল জৈৱ যৌগবিলাকক বিয়োজন ঘটাই সৰল অজৈৱ পদাৰ্থলৈ পৰিবৰ্তন কৰি মাটিৰ লগত মিহলি কৰি দিয়ে । সেই বিলাককে উদ্ভিদে পুণৰ গ্ৰহণ কৰে ।
17. এখন চীনা মাটিৰ থালত 2g ছিলভাৰ ক্লৰাইড লোৱা আৰু ইয়াক সূৰ্য্যৰ পোহৰত ৰাখা ।
a) কিছু সময়ৰ পিছত ছিলভাৰ ক্লৰাইডৰ ৰং কি হব ?
b) কি প্ৰকাৰৰ বিক্ৰিয়া সংঘটিত হব ?
c) ৰাসায়নিক বিক্ৰিয়াটো লিখা ।
Ans : a) ছিলভাৰ ক্লৰাইডৰ ৰং মটীয়া হব ।
b) বিযোজন বিক্ৰিয়া সংঘটিত হব ।
c)
Follow this blog : Assameducation365
© chamingpomung
Tap the link :
https://youtu.be/-YtrfWzpMdQ
Thanks a lot.....🙏🙏
ReplyDelete